ভাৰতীয় বায়ুসেনাৰ নিযুক্তি ২০২২ – অগ্নিবীৰ বায়ু ৰ অনলাইন আবেদন

SPD Web Team
Job Post Name
পদৰ নাম
অগ্নিবীৰ বায়ু
Last Date
অন্তিম তাৰিখ
23 November 2022
Total Post
মুঠ পদ
To be updated later
Salary
দৰমহা
জানিবলৈ সম্পুৰ্ন পোষ্ট টো পঢ়ক


ভাৰতীয় বায়ুসেনাই সমগ্ৰ দেশতে অগ্নিপথ আঁচনিৰ অধীনত "অগ্নিবীৰ বায়ু"ৰ খালী পদত নিযুক্তিৰ বাবে আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰিছে । ভাৰতীয় বায়ুসেনাত জোৱান হিচাপে প্ৰৱেশ কৰিব বিচৰা ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত  অনলাইনযোগে আবেদন কৰিব পাৰে।


Indian Air Force (IAF) Recruitment 2022 

IAF JOB


ভাৰতীয় বায়ুসেনাৰ নিযুক্তি ২০২২


পদৰ নাম: অগ্নিবীৰ বায়ু (Agniveer Vayu)

পদৰ সংখ্যা: পিছত আপডেট কৰা হ’ব

বেটচৰ নাম: AGNIVEER VAYU INTAKE 01/2023

আঁচনিৰ নাম: অগ্নিপথ আঁচনি 

সেৱাৰ সময়সীমা: ৪ বছৰ

বিভাগৰ নাম: ভাৰতীয় বায়ুসেনা

মন্ত্ৰালয়ৰ নাম: প্ৰতিৰক্ষা মন্ত্ৰালয়, ভাৰত

আঁচনিখন আৰম্ভ কৰাৰ তাৰিখ: ১৪ জুন ২০২২

চাকৰিৰ স্থান: সৰ্বভাৰতীয়

আবেদনৰ ধৰণ: অনলাইন 
 

ভাৰতীয় বায়ুসেনাত নিযুক্তিৰ যোগ্যতাৰ মাপকাঠী (Eligibility Criteria of Indian Air Force)


বয়সৰ সীমাঃ ২০০২ চনৰ ২৭ জুনৰ পৰা ২০০৫ চনৰ ২৭ ডিচেম্বৰৰ ভিতৰত (দুয়োটা দিনকে ধৰি) জন্মগ্ৰহণ কৰা প্ৰাৰ্থীসকলে অগ্নিবীৰ বায়ু পদৰ বাবে আবেদন কৰিব পাৰিব। যদি কোনো প্ৰাৰ্থীয়ে বাছনি পদ্ধতিৰ সকলো পৰ্যায় পাৰ কৰে, তেন্তে নামভৰ্তিৰ তাৰিখ অনুসৰি বয়সৰ উচ্চ সীমা ২১ বছৰ।

শিক্ষাগত অৰ্হতা: পৰীক্ষাৰ্থীয়ে COBSE ৰ সদস্য হিচাপে তালিকাভুক্ত শিক্ষা ব’ৰ্ডৰ পৰা গণিত, পদাৰ্থ বিজ্ঞান আৰু ইংৰাজী বিষয়ত গড়ে নূন্যতম ৫০% নম্বৰ লাভ কৰি উচ্চত্তৰ মাধ্যমিক/ ১০+২ বা তাৰ সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু ইংৰাজী বিষয়ত ৫০% নম্বৰ লাভ কৰিব লাগিব।

অথবা

চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পলিটেকনিক প্ৰতিষ্ঠানৰ পৰা তিনিবছৰীয়া ডিপ্লমা পাঠ্যক্ৰমত ইঞ্জিনিয়াৰিং (মেকানিকেল/ ইলেক্ট্ৰিকেল/ ইলেক্ট্ৰনিকছ/ অটোমোবাইল/ কম্পিউটাৰ বিজ্ঞান/ ইনচট্ৰমেণ্টেচন টেকন’লজি  (Instrumentation Technology)/ ইনফৰ্মেশ্যন টেকন’লজি)ত ডিপ্লমা পাঠ্যক্ৰমত গড়ে ৫০% আৰু ইংৰাজীত ৫০% নম্বৰ লাভ কৰি তিনিবছৰীয়া ডিপ্লমা পাঠ্যক্ৰমত উত্তীৰ্ণ হব লাগিব ৷

*(যদি ডিপ্লমা পাঠ্যক্ৰমত ইংৰাজী বিষয় নাই ইণ্টাৰমিডিয়েটত/মেট্ৰিকত ইংৰাজী  ৫০% নম্বৰ লাভ  কৰা হব লাগিব )*।

অথবা

পৰীক্ষাৰ্থীয়ে COBSE সদস্য হিচাপে তালিকাভুক্ত ৰাজ্যিক শিক্ষা ব’ৰ্ড বা কাউনচিল ৰ পৰা দুবছৰীয়া বৃত্তিমূলক পাঠ্যক্ৰমত (Vocational Course)  অবৃত্তিমূলক বিষয়  (non-vocational subject) পদাৰ্থ বিজ্ঞান আৰু গণিতত গড়ে ৫০% আৰু ইংৰাজীত ৫০% নম্বৰ লৈ পাছ কৰা হব লাগিব৷

*(যদি ডিপ্লমা পাঠ্যক্ৰমত ইংৰাজী বিষয় নাই ইণ্টাৰমিডিয়েটত/মেট্ৰিকত ইংৰাজী  ৫০% নম্বৰ লাভ  কৰা হব লাগিব )*


বিজ্ঞান বিষয়ৰ বাহিৰেও অন্যান্য: পৰীক্ষাৰ্থীয়ে COBSE সদস্য হিচাপে তালিকাভুক্ত কেন্দ্ৰীয় বা ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ অনুমোদিত যিকোনো বিষয়ত উচ্চত্তৰ মাধ্যমিক/ ১০+২/ সমতুল্য পৰীক্ষাত সৰ্বনিম্ন ৫০% গড় নম্বৰ আৰু ইংৰাজীত ৫০% নম্বৰ লাভ কৰিব লাগিব।

অথবা

COBSE সদস্য হিচাপে তালিকাভুক্ত শিক্ষা ব’ৰ্ডৰ পৰা দুবছৰীয়া বৃত্তিমূলক পাঠ্যক্ৰমত (vocational course)   নূন্যতম ৫০% আৰু ইংৰাজী বিষয়ত নূন্যতম ৫০% নম্বৰ লাভ কৰিব লাগিব৷ 

*(যদি ডিপ্লমা পাঠ্যক্ৰমত ইংৰাজী বিষয় নাই ইণ্টাৰমিডিয়েটত/মেট্ৰিকত ইংৰাজী  ৫০% নম্বৰ লাভ  কৰা হব লাগিব )

বাধ্যতামূলক চিকিৎসা মানদণ্ড


অগ্নিবীৰ বায়ুৰ বাবে সাধাৰণ চিকিৎসা মানদণ্ড তলত দিয়া ধৰণৰ:-

 উচ্চতা:  নূন্যতম গ্ৰহণযোগ্য উচ্চতা ১৫২.৫ চে.মি.(পুৰুষ প্ৰাৰ্থীৰ বাবে) আৰু ১৫২ চে.মি.(মহিলা প্ৰাৰ্থীৰ বাবে)। (Minimum acceptable height for Male Candidates is 152.5 cms  and 152 cms  for Female candidates)

বুকু:পুৰুষ প্ৰাৰ্থীৰ বাবে নূন্যতম বুকুৰ পৰিধি ৭৭ চে.মি. আৰু বুকুৰ প্ৰসাৰণ কমেও ৫ চে.মি. আৰু মহিলা প্ৰাৰ্থীৰ বাবে বুকুৰ বেৰখন ভাল অনুপাতত হ’ব লাগিব আৰু নূন্যতম প্ৰসাৰণৰ পৰিসৰ ৫ চে.মি.
(For male candidate’s minimum chest circumference will be 77 cms and the chest expansion should be at least 5 cms. For female candidates the chest wall should be well proportioned with minimum range of expansion of 5 cms.)

ওজনঃ উচ্চতা আৰু বয়সৰ সমানুপাতিক। (Proportionate to height and age.)

কৰ্ণিয়াল অস্ত্ৰোপচাৰ (PRK/ LASIK) : গ্ৰহণযোগ্য নহয়। ভাৰতীয় বায়ুসেনাৰ মানদণ্ড অনুসৰি প্ৰযোজ্য দৃশ্যমান প্ৰয়োজনীয়। (Corneal Surgery (PRK/ LASIK) is not acceptable. Visual requirements as applicable as per Indian Air Force standards.)

শ্ৰৱণ ক্ষমতা: প্ৰাৰ্থীৰ শ্ৰৱণ ক্ষমতা স্বাভাৱিক হ'ব লাগে অৰ্থাৎ প্ৰতিটো কাণেৰে পৃথকে পৃথকে ৬ মিটাৰ দূৰত্বৰ পৰা জোৰকৈ ফুচফুচানি শুনিব পৰা হ'ব লাগে। (Candidate should have normal hearing i.e. able to hear forced whisper from a distance of 6 meters with each ear separately.)

দাত : সুস্থ আৰু দাঁতৰ চেট ভাল আৰু নূন্যতম ১৪ টা দন্ত বিন্দু থাকিব লাগে। (Should have healthy gums, good set of teeth and minimum 14 dental points.)

সাধাৰণ স্বাস্থ্যঃ কোনো এপেণ্ডেজ নোহোৱাকৈ প্ৰাৰ্থীৰ শৰীৰচৰ্চা স্বাভাৱিক হ'ব লাগে। তেওঁ কোনো সক্ৰিয় বা সুপ্ত, তীব্ৰ বা দীৰ্ঘদিনীয়া, চিকিৎসা বা অস্ত্ৰোপচাৰৰ অক্ষমতা বা সংক্ৰমণ আৰু ছালৰ ৰোগৰ পৰা মুক্ত হ’ব লাগে। প্ৰাৰ্থীজন বিশ্বৰ যিকোনো অংশত, যিকোনো জলবায়ু আৰু ভূখণ্ডত কৰ্তব্য পালন কৰিবলৈ শাৰীৰিক আৰু মানসিকভাৱে FIT হ’ব লাগিব। (Candidate should be of normal anatomy without loss of any appendages. He should be free from any active or latent, acute or chronic, medical or surgical disability or infection and skin ailments. Candidate shall be physically and mentally FIT to perform duty in any part of the world, in any climate and terrain.)

চিকিৎসা মানদণ্ডৰ প্ৰয়োজনীয়তাৰ বিষয়ে অধিক বিৱৰণ চৰকাৰী অধিসূচনাত চাব পাৰিব। 


বায়ুসেনাৰ অগ্নিবীৰ পোষ্টৰ দৰমহা স্কেল


বছৰ কাষ্টমাইজড পেকেজ হাতত (৭০%)
১ম বৰ্ষ ৩০,০০০/- টকা ২১,০০০/- টকা
২য় বৰ্ষ ৩৩,০০০/- টকা ২৩,১০০/- টকা
৩য় বৰ্ষ ৩৬,৫০০/- টকা ২৫,৫৮০/- টকা
৪ৰ্থ বৰ্ষ ৪০,০০০/- টকা ২৮,০০০/- টকা
৪ বছৰৰ পিছত প্ৰস্থান কৰা ১০.০৪ লাখ টকা যোগ কৰি জমা সুত -
জীৱন বীমা কভাৰ ৪৮ লাখ টকা -

 
পৰীক্ষা মাচুলঃ অনলাইন পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰাৰ সময়ত পৰীক্ষাৰ মাচুল ২৫০/- টকা দিব লাগিব। পেমেণ্ট গেটৱেৰ জৰিয়তে ডেবিট কাৰ্ড/ ক্ৰেডিট কাৰ্ড/ ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি পেমেণ্ট কৰিব পাৰিব। পৰীক্ষাৰ মাচুল যিকোনো এক্সিছ বেংক শাখাত চালান পেমেণ্টৰ জৰিয়তেও পৰিশোধ কৰিব পাৰিব।

IAF Recruitment ৰ বাবে কেনেকৈ আবেদন কৰিব ?

অগ্নিপাথ নিযুক্তিৰ বাবে আবেদন মোড হৈছে অনলাইন। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব লাগিব।

প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিবলৈ তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে।

  • তললৈ স্ক্ৰল কৰক, গুৰুত্বপূৰ্ণ ৱেব-লিংকসমূহ অংশলৈ যাওক। 

  • " Online Application" ত ক্লিক কৰক আৰু "New User? Register" ত ক্লিক কৰি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক ।

  • পৰৱৰ্তী পৰ্যায়ত " Online Application " Link ত ক্লিক কৰি Login কৰক।

  • আপোনাৰ সকলো ব্যক্তিগত আৰু শৈক্ষিক তথ্য পূৰণ কৰি প্ৰয়োজনীয় নথি -পত্ৰ আপলোড কৰক। ইয়াৰ পিছত পৰীক্ষাৰ মাচুল দি ফৰ্ম জমা দিব ।

  • শেষত আবেদন পত্ৰৰ প্ৰিন্ট আউট এটা লওক ৷ 
 

ভাৰতীয় বায়ুসেনা অগ্নিবীৰ বায়ু নিযুক্তি ২০২২

 
অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ: ৭ নৱেম্বৰ ২০২২

অনলাইন আবেদন দাখিলৰ শেষ তাৰিখ: ২৩ নৱেম্বৰ ২০২২

এডমিট কাৰ্ড প্ৰদানৰ তাৰিখ: ১৫ জানুৱাৰী ২০২৩

পৰীক্ষাৰ তাৰিখ: ২০২৩ চনৰ ১৮ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ

অস্থায়ী নিৰ্বাচিত তালিকা প্ৰকাশ: ৩১ মে' ২০২৩

চূড়ান্ত নামভৰ্তি তালিকা প্ৰকাশ: ১০ জুন ২০২৩

ভাৰতীয় বায়ুসেনা নিযুক্তিৰ গুৰুত্বপূৰ্ণ ৱেব-লিংক

অনলাইন আবেদন প্ৰ-পত্ৰইয়াত ক্লিক কৰক
বিজ্ঞাপনৰ বিৱৰণইয়াত ক্লিক কৰক
অফিচিয়েল ৱেবছাইটইয়াত ক্লিক কৰক

Post a Comment

Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.